আজি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত তথা ইংৰাজী বিভাগৰ সহযোগত পালন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱস। বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য জি সিংহায়াই বিশেষ বক্তৃতা আগবঢ়ায়। তেখেতে ভাষাক কেন্দ্ৰ কৰি হোৱা নানা হাস্যমধুৰ অভিজ্ঞতাৰ স্মৰণেৰে মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° পৰিস্মৃতা হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশেষ বক্তৃতা আগবঢ়ায় ইংৰাজী বিভাগৰ মূৰব্বী ড° মানস প্ৰতীম বৰাই। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল শিক্ষাৰ্থীসকলৰ তৰফৰ পৰা বিভিন্ন ভাষাত পৰিৱেশিত হোৱা গীত, আবৃত্তি তথা বক্তৃতানুষ্ঠান। নীলাপ্লাৱিতা গগৈয়ে আঁত ধৰা সভাত শলাগৰ শৰাই আগবঢ়ায় ড° কৃষ্ণা হাজৰিকাই। উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি এখনি কবিতা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
© all Rights Reserved 2020, Birangana Sati Sadhani Rajyik Vishwavidyalaya
ADDENDUM in continuation to EOI issued vide no. BSSRV/Fin-11/2023/07 dated 17/03/2025 Corrigendum 1-Teaching Recruitment (Science):Advertisement vide No.BSSRV/Reg/252/2024/22, Dated 20/02/2025 Corrigendum 2-Category of Reservation and Pay level (against Associate Professor):Advertisement vide No.BSSRV/Reg/252/2024/22, Dated 21/02/2025